"My Mother Brings The Rains" by Aruni Kashyap I Translated by Kaushik Baiswas

মোৰ আয়ে বৰষুণ আনে


অনুবাদ: কৌশিক বাস্যস

Aruni-Kashyap-Photo.jpg


ভৰি দিয়াৰ পূৰ্বেই শুকান দিল্লীলৈ মোৰ আয়ে
বৰষুণ আনে৷ আকাশে চিগাৰেটৰ টুকুৰাৰ নিচিনা ছাইৰঙী সাজ পিন্ধে,
ছাগলীবোৰে চিঞৰে, বতাহে বালিৰ সুৰংগ সাজে,
আনকি সেউজী পাতেও ডালৰ স'তে সম্পৰ্ক ছেদ কৰে৷

তেওঁৰ নগৰীত
তেওঁৱেই আটাইতকৈ ধুনীয়া তিৰোতা আছিল৷ তেওঁৰ
খোজে ল'ৰাবোৰৰ থৰকাছুটি হেৰুৱাইছিল,
তেওঁ কি খাইছিল, ঔফলীয়া চুলিবোৰ যতনাই
চালতনো কি ঘঁহিছিল
ছোৱালীবোৰে সুধিছিল;
ক'বলৈও তেওঁৰ কোনো কথা নাছিল,
দুখবোৰ ভগাই ল'বলৈ তেওঁৰ সত্ নগৈছিল৷

বহুবছৰ পিছত,
বিছনা এৰি ক'লৈকো যাব নোৱৰা সময়ত,
দূৰণিলৈ বুলি সস্তীয়া ফোনকলবোৰ কৰিব পৰা হোৱাৰো আগত,
পিতায় তেওঁক এটা টোকাবহী আনি দিছিল৷

লিখা,
পিতায় কৈছিল৷
নিজৰ কাৰণে, নিজৰ ল'ৰাটোৰ কাৰণে লিখা৷ নহ'লে
তোমাক ভালপোৱাৰ কাৰণে ভায়েকহঁতৰপৰা মাৰ খোৱা
সেই মুচলিম প্ৰেমিকজনৰ কথা, ডেক্সত অকণমানো খালী ঠাই থকালৈকে
প্ৰতি ৰাতি নিজৰ হৃদয় উদঙাই দেখুওৱা নতুবা
প্ৰতিটো গল্পৰে নায়িকা তোমাকে সজোৱা কিন্তু
মোৰ দৰে কবিতাৰে উত্তৰ দিব নোৱৰা
সেই প্ৰেমিকজনৰ কথা সি কেনেকৈ জানিব? প্ৰতি ৰাতিপুৱা
তুমি সনা মিঠাতেলখিনিৰ কথা লিখা, তিতা ৰসখিনিৰ কথা
সোণালী তোমাৰ ৰূপটোৰ কাৰণে, যিটো চাবলৈয়ে ল'ৰাবোৰে হামৰাও কাঢ়িছিল!
উঠি বহা

আৰু লিখা৷ তুমি শোৱা সেই বিছনাবোৰৰ বিষয়ে লিখা যিবোৰত
শুই তৰা লেখিব পৰা গৈছিল, বৰষুণ মানে যেতিয়া কেৱল আছিল
ঘৰত কৌশলেৰে ৰখা পাত্ৰ কিছুমান আৰু
বিষণ্ণতাৰে কটোৱা উজাগৰী নিশা৷ প্ৰতিবাদ
আৰু তেল অৱৰোধবোৰৰ কথা লিখা,
জমিদাৰক মাৰিবলৈ হামদৈৰ পথলৈ
বুলি ওলাই অহা কৃষকবোৰৰ কথা লিখা৷ চিয়াঁহী
খৰচ কৰা৷

নিজৰ কাৰণে নহ'লেও
তোমাৰ এই প্ৰথম সন্তানৰ কাৰণে লিখা,
মোমায়েকহঁতৰ দৰে যাৰ নাকটো জোঙা নহ'ব বুলি
তুমি ভয় খাইছিলা৷ কাৰণ
তুমি নিম্নবৰ্গৰ লগত বিয়াত বহিছিলা৷
প্ৰেমৰ কাৰণে লিখা,
প্ৰতিবাদী সমদল

আৰু লিখা
কবিতাৰ কাৰণে ৷

Kaushik Baiswas studied medicine at Assam Medical College. Born in Nalbari in 1992, he is the author of a poetry collection in Assamese called Babori Bilash (বাবৰি বিলাস)৷