বিশ্ব সাহিত্য হিচাপে অসমীয়া সাহিত্য: কেনেকৈ গঢ়িব পাৰো আমি এটা সবল সাহিত্য উদ্যোগ?

দৈনিক অসম, ৭ জানুৱাৰী ২০২৪

Make it stand out

Whatever it is, the way you tell your story online can make all the difference.

আজি কিছুবছৰৰ পৰা আমাৰ সাহিত্য জগতত এটা প্ৰশ্ন বাৰে বাৰে আলোচিত হৈছে কিন্তু তাৰ বিষদ আলোচনা মোৰ চকুত পৰা নাই ৷ প্ৰশ্নটো হৈছে, বিশ্বৰ পাঠকৰ সন্মূখত কেনেদৰে আমি তুলি দিব পাৰো অসমৰ সাহিত্যৰ চানেকি? আমাৰ সাহিত্যৰ কিয় ইমান কম অনুবাদ হয়? অনুবাদ হ’লেও, আন্তৰাষ্ট্ৰীয় পাঠক সমাজ এখন কিয় বিচাৰি নাপায়? কেতিয়াৰ পৰা এই প্ৰশ্নটো ইমান সঘনাই অসমৰ সাহিত্য জগতত ঊচ্চাৰিত হ’বলৈ ধৰিলে কোৱা যিমান টান, প্ৰশ্নটোৰ উত্তৰ দিয়াটোৱো সিমানেই টান ৷ কাৰণ সঁচাকৈয়ে যদি আমি অসমৰ সাহিত্যক বিশ্বৰ বিভিন্ন প্ৰান্তত পঠিত হোৱাটো বিচাৰো আমাৰ সাহিত্য জগতৰ প্ৰচলিত ব্যবস্থটোৰ আমূল পৰিবৰ্তন আনিব লাগিব আৰু আত্মসমালোচনাত্মক দৃষ্টিৰে অসমৰ সাহিত্যৰ প্ৰতিটো দিশ ফঁহিয়াই চাই যিমান পাৰি সিমান গনতান্ত্ৰিক কৰি তুলিব লাগিব । মই ক’ব খোজা নাই যে এতিয়াৰ প্ৰক্ৰিয়াবোৰ গনতান্ত্ৰিক নহয় কিন্তু যিকোনো এটা ব্যবস্হা আৰু বেছি গনতান্ত্ৰিক কৰি তোলাৰ সদায় থল থাকে । কিন্তু সৰুৰে পৰা দেখি অহা এই সাহিত্য জগতখনত মই কিছু স্থবিৰতা লক্ষ্য কৰিছোঁ ৷ সেইয়া আমাৰ পাঠক আৰু লেখক সমাজৰ অনীহাৰ বাবে নহয়, সেইয়া হৈছে আমাৰ সাহিত্য জগতখনৰ কিছুমান পুৰণিকলীয়া পৰিকাঠামো আজি দশকৰ দশকৰ পিছত দশক জুৰি একেই হৈ থকাৰ বাবে ৷ সেই পৰিকাঠামোবোৰৰ যদি নতুন যুগৰ সৈতে খাপ খোৱাই পৰিবৰ্ত্তন ঘটাব পাৰি, অসমীয়া সাহিত্যকো বিশ্বসাহিত্যৰ স্তৰতে ৰখাৰ থল আছে ৷ এই লেখাটোত মই মাত্ৰ এটা সমস্যালৈহে আঙুলীয়াই দিবলৈ চেষ্টা কৰিম আৰু সমস্যাটো মাথোঁ থুলমূলকৈ আভাস দিম আৰু যথাসম্ভৱ সমাধানৰ পিনে আঙুলীয়াম ৷

অসমীয়া সাহিত্যৰ ক্ষেত্ৰখনত প্ৰথম আৰু আটাইতকৈ ডাঙৰ বাধাৰ সৃষ্টি কৰি থিয় দি আছে আমাৰ কিতাপ উৎপাদনৰ প্ৰক্ৰিয়াটো ৷ উৎপাদন শব্দোটো মই তৰল ধৰণে ব্যবহাৰ কৰা নাই ৷ আমি কিতাপৰ এই জগতখনক যিমান পাৰি সিমান এটা উদ্যোগ হিচাপে গঢ় দিবলৈ চেষ্টা নকৰিলে এই উদ্যোগটোৰ সৈতে জড়িত সকলো মানুহ কেতিয়াও লাভান্বিত নহয় ৷ তেনে পৰিস্থিতিত মুষ্টিমেয় কেইজনমান লেখক আৰু মুষ্টিমেয় কেইটামান প্ৰকাশনসন্থাহে আৰ্থিকভাবে নিৰাপদ হৈ থকা যেন থকা যেন বোধ হয় ৷ আমি যদি আমাৰ সাহিত্য জগতখনৰ উন্নতি বিচাৰোঁ, আৰু তথাকথিত সেই বিশ্বদৰবালৈ যোৱাতো বিচাৰো, তেনেহঁলে ইয়াক আমি পোনপ্ৰথমে এটা সকলো ফালৰে পৰা উদ্যোগ হিচাপে গঢ় দিব লাগিব ৷ তেতিয়াহে লেখা-মেলা কৰা বৃত্তিটোক পেছা হিচাপে ল’বলৈ মানুহ আগবাঢ়ি আহিব আৰু আৰু ভাল সাহিত্যৰ সৃষ্টি হ’ব, উত্তৰণ ঘটিব ৷ কেইজন অসমীয়া লেখকে লেখাৰ বৃত্তিটো আজি সাহসেৰে ল’ব পাৰিছে? কেৱল হয়তো দুই এজনেহে, তাকো গদ্য লেখকেহে ৷

সাহিত্যক উদ্যোগ হিচাপে গঢ়ি তুলি পেছাদাৰিত্বৰ পৰিবেশ এটা সৃষ্টিৰ লক্ষ্যত আমি কেনেদৰে উপনীত হ’ব পাৰো? লেখকে কিতাপ এখন কোনো প্ৰকাশকৰ সৈতে প্ৰকাশ কৰিম বুলি কেৱল মৌখিক ভাবে বুজা বুজি এটা কৰিলেই নহ’ব; এখন চুক্তি পত্ৰত শ্বাক্ষৰ কৰি, এটা সন্মানীয় আগধন দিয়াটো যিকোনো প্ৰকাশকৰ এটা প্ৰধান আৰু নৈতিক দায়িত্ব বুলি সমগ্ৰ পৃথিৱীৰ উন্নত আৰু উন্নত হোৱাৰ হাবিয়াস থকা সাহিত্য উদ্যোগবোৰত ধৰা হয় ৷ বিদেশত চুক্তিপত্ৰত শ্বাক্ষৰ নকৰা প্ৰকাশকক সন্দেহৰ দৃষ্টিৰে চোৱা হয়, যেন তেওঁলোকে কোনো বে-আইনী কামহে কৰিছে! আৰু তেনে প্ৰকাশক আৰু তেনে কাম কৰিবলৈ ৰাজী হোৱা লেখকক কোনেও গুৰুত্বসহকাৰে নলয়; বিশেষকৈ সাহিত্যিকজনক, কাৰণ কামটো একপ্ৰকাৰে অনৈতিক বুলি ধাৰণা কৰাৰ লগতে আন উঠি অহা লেখকৰ প্ৰাপ্য কাঢ়ি লোৱাৰ দৰে ঘৃণনীয় কাৰ্য্য বুলি গণ্য কৰা হয় ৷ উঠি অহা সাহিত্যিকৰ কাৰণে অগ্ৰজ সাহিত্যকজনে এখন অসমতল সাহিত্য ক্ষেত্ৰ সৃষ্টি কৰাত অৰিহণা যোগোৱা যিকোনো কামকে পৃথিৱীৰ যিকোনো সুস্থ মানদন্ডৰ সাহিত্য জগতত গৰ্হিত কাম বুলি ধিক্কাৰ দিয়া হয়৷ অসমীয়া সাহিত্য জগতখন পেছাদৰী আৰু শোষণবিহীন কৰিবলৈ বিচাৰিলে এই কামটোৱেই পোনপ্ৰথমে প্ৰকাশক সকলে কৰিব লাগিব৷

মোৰ কবিতা কিতাপখন প্ৰকাশ কৰোঁতে মোৰ মাৰ্কিন প্ৰকাশক ফিউচাৰ চাইকেল প্ৰেচে কোনো আগধন আৰু ৰয়েল্টি দিয়া নাছিল ৷ কবিতাৰ জগতখনত এয়া নতুন কথা নহয় ৷ আমেৰিকাত শ-শ কবিতাৰ সন্মানীয় প্ৰকাশক আছে যিবোৰে সম্পূৰ্ণ ভাল কবিতা প্ৰকাশ কৰাৰ উদ্দেশ্য লৈয়েই কবিতা প্ৰকাশ কৰে ৷ মাৰ্কিন সাহিত্যৰ বুৰঞ্জীত ক্ষুদ্ৰ প্ৰেচ আন্দোলনৰ কাহিনী সোণালী আখৰেৰে লিখা আছে ৷ কেৱল মাত্ৰ ভাল কবিতাৰ বা এক বিশেষ ধৰণৰ প্ৰগতিশীল ৰাজনৈতিক কবিতা প্ৰকাশ কৰাৰ লক্ষ্য লৈয়েই এই আন্দোলনটো গঢ় লৈ উঠিছিল ৬০-৭০ৰৰ দশকত ৷ কেইবা দশকজুৰি কবিতা প্ৰকাশ কৰি অহা তেনে এটা ক্ষুদ্ৰ প্ৰেচে মোৰ কবিতা সংকলনখন প্ৰকাশ কৰিছিল ৷ এহাল কবি দম্পত্তিয়ে প্ৰেচটো আজিয়ো চলায় আছে ৷ মোৰ লগত আলোচনা কৰি সকলোখিনি কথা প্ৰকাশকে চুক্তিত লিখি দিছিল আৰু আগধন দিবলৈ অপাৰগ হোৱাৰ বাবে লেখকে ওৰে জীৱন তেওঁলোকৰ পৰা প্ৰকাশিত যিকোনো কিতাপ, আৰু বিশেষকৈ মোৰ নিজৰ কিতাপখন কিমান শতাংশ ৰেহাই মূল্যত কিনিব পাৰিব, সেই কথাও লিখা আছিল ৷

আন এটা উদাহৰণ দিছোঁ : মোৰ ব্ৰিটিছ প্ৰকাশক ফ্লিপ্ট আই এটা সন্মানীয় প্ৰকাশন কিন্তু তেওঁলোক পেংগুইন বা হাৰ্পাৰ কলিনচৰ দৰে ধনী, বহুজাতিক, প্ৰকাশন নহয় ৷ তেওঁলোকে মূলতঃ কবিতাৰহে প্ৰকাশক আৰু তেওঁলোকে প্ৰকাশ কৰা কবিতা পুথিবোৰে ব্ৰিটেইনৰ অনেক সন্মানীয় পুৰস্কাৰ পাবলৈ সক্ষম হৈছে ৷ কিন্তু মোৰ গল্পবোৰ পঢ়ি তেওঁলোকে ভাল পাইছিল আৰু প্ৰকাশ কৰিব বিচাৰিছিল ৷ মোৰ কিতাপখনৰ ব্ৰিটিছ স্বত্ব ক্ৰয় কৰোতে মই বিচৰা দাম এটা দিব পৰা নাছিল কিন্তু প্ৰকাশকে মোক শকত অংকৰ ৰয়েল্টি দিম বুলি চুক্তিবদ্ধ হৈছিল আৰু কিতাপখন প্ৰকাশ হোৱাৰ সময়ত বি বি চি লণ্ডণৰ সৈতে যোগাযোগ কৰি মোৰ সাহিত্য কৰ্মৰ বিষয়ে এটা সাক্ষাৎকাৰৰ ব্যবস্থা কৰি দিছিল ৷ সেই একেই অনুষ্ঠানটোত অমিতাভ ঘোষৰো সাক্ষাৎকাৰ এটা আছিল, আৰু এই কথাই মোক নথৈ আনন্দিত কৰিছিল ৷ (সাক্ষাৎকাৰটো শুনিবলৈ ইয়াল ক্লিক কৰক : https://shorturl.at/ckFU2 )

এনেদৰে নানান ধৰণে প্ৰচাৰ কৰি মোৰ কৰ্ম যাতে ইংৰাজ পাঠকৰ চকুত পৰে তাৰবাবে তেওঁলোকে প্ৰেচেষ্টা চলাইছিল ৷ যদি মোৰ মনে বিচৰা আগধন দিব পৰা নাছিল, তেতিয়া বৃটিছ সাহিত্য জগতত কিতাপ খন চিনাকি কৰি দিবৰ বাবে যিখিনি পাৰে নিষ্ঠাৰে কৰিছিল ৷ এইটো যিকোনো স্বচ্ছ, নিকা প্ৰকাশকৰ কৰ্তব্য ৷ আমাৰ অসমৰ বাতৰিৰ চেনেলবোৰ খুলিলেই মাত্ৰচোন নাচ-বাগ কৰি থকা দেখা পাঁও, নাইবা কোনো গায়কে জনপ্ৰিয় গীত গাই থকা দেখো আৰু যেতিয়া বাতৰি পৰিবেশন কৰে তেতিয়া দেখোঁ চেন্সেসনেল বাতৰি ৷ আমাৰ প্ৰকাশক সকলে ভাল কিতাপ এখনৰ বাতৰি কৰিবলৈ চেনেলবোৰক অনুৰোধ নকৰে কিয়? নিউজ চেনেলবোৰৰ কেমেৰাবোৰ মানুহৰ শুৱনি কোঠাত গৈ তেনেই ব্যক্তিগত আৰু অৰুচিকৰ বাতৰি প্ৰচাৰ কৰাৰ সলনি কোনো নতুন, অখ্যত লেখক এজনৰ ভাল কিতাপক এখনৰ কিয় প্ৰচাৰ নকৰে?

যিকোনো আন্তৰাষ্ট্ৰীয় মানদন্ডৰ সাহিত্য সৃষ্টিৰ সপোন দেখা উদ্যোগ এটাই এইখিনিতেই প্ৰথম খোজ লয় বুলি ক’ব পাৰি – এটা পেছাদাৰী সাহিত্য সংস্কৃতিৰ গঢ় দিবলৈ ৷ হয়তো বহুত প্ৰকাশকে এইবোৰ কৰিবলৈ ৰাজী নহ’বও পাৰে ৷ তেতিয়া নৈতিক দায়িত্বটো লেখকৰ হাতত আহি পৰে – এক অপেছাদাৰী প্ৰথাৰ সৈতে নিজৰ নাম সংপৃক্ত কৰি তেনে লেখকে এনে এটা অপ-সংস্কৃতি জীয়াই ৰখাত সাৰ-পানী দিয়াৰ লগতে আন নতুন লেখকৰ বাবেও উঠি অহা বাটটো আৰু বেছি কঠিন কৰি পেলায় ৷ এখন ভাল চুক্তিপত্ৰ নকৰিলে কিতাপ প্ৰকাশ নকৰোঁ বুলি ক’ব পৰা সৎসাহস থকা লেখক আমাক লাগে ৷ জনপ্ৰিয় লেখকে বিচাৰিব লাগে নিয়মীয়া ৰয়েল্টিৰ চেক ৷ অসমীয়া কিতাপৰ “উদ্যোগ“ বুলি ক’লেই নহ’ব, উদ্যোগ শব্দটো আমাৰ কৰ্ম সংস্কৃতিৰ প্ৰতিটো দিশতে প্ৰকাশ পাব লাগিব ৷

মোৰ দুখনকৈ অসমীয়া কিতাপ ওলাল, কিন্তু চুক্তি এখনো নেদেখিলো ৷ ডিমাণ্ড কৰাৰ সেই সৎসাহস মোৰ নহ’ল আৰু সেয়ে ময়ো নজনাকৈ-নভবাকৈ এই প্ৰক্ৰিয়াটোত অৰিহণা যোগাইছো, হয়তো বাট মাৰিছো কোনো নতুন লেখকৰ কক্ষপথত হেঙাৰ হৈ থিয় দি ৷ আজি মোৰ বিশ্বাস, মই খোঁজাহেতেন মোৰ প্ৰকাশকদ্বয়ে এখন চুক্তি কৰি দিলেহেঁতেন ৷ সেইসময়ত কভিদো হৈ আছিল, আৰু মই আছিলো সুদুৰ আমেৰিকাত, গতিকে ফোন আৰু হোৱাটচ-এপতেই কেনেকৈ কিতাপখন প্ৰকাশ হ’ল মোৰ সঁচাকৈয়ে মনত নাই ৷ কিন্তু আগলৈ অসমীয়াত কিতাপ প্ৰকাশ কৰিলে চুক্তি এখন বিচাৰিম বুলি ভাবিছোঁ – লাগিলে অসমীয়াত কিতাপেই প্ৰকাশ নকৰো, কিন্তু আমাৰ নতুন প্ৰজন্মৰ উঠি অহা নবীন লেখকৰ বাবে যদি মই এই পদক্ষেপ ল’লে কিবা এটা উপকাৰ হয়, মই নিশ্চয় কৰিম ৷ সকলো নতুন লেখককো সেই অধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনালো ৷ নতুনৰ হাততেই সাহিত্য জগতখনৰ নতুন আৰম্ভণী হওক? গঠন হওক এটা লেখক সন্থা যিয়ে ন-পুৰণি লেখকক প্ৰতিনিধিত্ব কৰি জন্ম দিয়ক অসমত পেছাদাৰী সংস্কৃতিৰ? নতুন বছৰত এয়া মোৰ আশা ৷ নোৱাৰিনে এটা অথৰ্চ গিল্ড গঢ়িব আমেৰিকাৰ দৰে? নোৱাৰিনে এটা অথৰ্চ চচাইটি গঢ়িব, ব্ৰিটেইনৰ দৰে? নোৱাৰিনে সহৃদয় উকীল কেইজনমান সেই গিল্ডৰ ৰাখিব, চুক্তিখন এবাৰ চাই দিবলৈ? এইবোৰ চিন্তা মোৰ কল্পনাপ্ৰসূত উদ্ভাৱন নহয় ৷ বিভিন্ন উন্নত সাহিত্য উদ্যোগত প্ৰচলিত হৈ থকাৰ ব্যবস্থাক আৰ্হি হিচাপে লৈ কথাখিনি উত্থাপন কৰিছোঁ ৷ আশা কৰিছোঁ এইধৰনৰ নতুন চিন্তাৰ বাট মুকলি কৰাৰ জৰিয়তে অসমীয়া সাহত্যয়ো এটা উদ্যোগৰ বাট ল’ব ৷

"My Mother Brings The Rains" by Aruni Kashyap I Translated by Kaushik Baiswas

মোৰ আয়ে বৰষুণ আনে


অনুবাদ: কৌশিক বাস্যস

Aruni-Kashyap-Photo.jpg


ভৰি দিয়াৰ পূৰ্বেই শুকান দিল্লীলৈ মোৰ আয়ে
বৰষুণ আনে৷ আকাশে চিগাৰেটৰ টুকুৰাৰ নিচিনা ছাইৰঙী সাজ পিন্ধে,
ছাগলীবোৰে চিঞৰে, বতাহে বালিৰ সুৰংগ সাজে,
আনকি সেউজী পাতেও ডালৰ স'তে সম্পৰ্ক ছেদ কৰে৷

তেওঁৰ নগৰীত
তেওঁৱেই আটাইতকৈ ধুনীয়া তিৰোতা আছিল৷ তেওঁৰ
খোজে ল'ৰাবোৰৰ থৰকাছুটি হেৰুৱাইছিল,
তেওঁ কি খাইছিল, ঔফলীয়া চুলিবোৰ যতনাই
চালতনো কি ঘঁহিছিল
ছোৱালীবোৰে সুধিছিল;
ক'বলৈও তেওঁৰ কোনো কথা নাছিল,
দুখবোৰ ভগাই ল'বলৈ তেওঁৰ সত্ নগৈছিল৷

বহুবছৰ পিছত,
বিছনা এৰি ক'লৈকো যাব নোৱৰা সময়ত,
দূৰণিলৈ বুলি সস্তীয়া ফোনকলবোৰ কৰিব পৰা হোৱাৰো আগত,
পিতায় তেওঁক এটা টোকাবহী আনি দিছিল৷

লিখা,
পিতায় কৈছিল৷
নিজৰ কাৰণে, নিজৰ ল'ৰাটোৰ কাৰণে লিখা৷ নহ'লে
তোমাক ভালপোৱাৰ কাৰণে ভায়েকহঁতৰপৰা মাৰ খোৱা
সেই মুচলিম প্ৰেমিকজনৰ কথা, ডেক্সত অকণমানো খালী ঠাই থকালৈকে
প্ৰতি ৰাতি নিজৰ হৃদয় উদঙাই দেখুওৱা নতুবা
প্ৰতিটো গল্পৰে নায়িকা তোমাকে সজোৱা কিন্তু
মোৰ দৰে কবিতাৰে উত্তৰ দিব নোৱৰা
সেই প্ৰেমিকজনৰ কথা সি কেনেকৈ জানিব? প্ৰতি ৰাতিপুৱা
তুমি সনা মিঠাতেলখিনিৰ কথা লিখা, তিতা ৰসখিনিৰ কথা
সোণালী তোমাৰ ৰূপটোৰ কাৰণে, যিটো চাবলৈয়ে ল'ৰাবোৰে হামৰাও কাঢ়িছিল!
উঠি বহা

আৰু লিখা৷ তুমি শোৱা সেই বিছনাবোৰৰ বিষয়ে লিখা যিবোৰত
শুই তৰা লেখিব পৰা গৈছিল, বৰষুণ মানে যেতিয়া কেৱল আছিল
ঘৰত কৌশলেৰে ৰখা পাত্ৰ কিছুমান আৰু
বিষণ্ণতাৰে কটোৱা উজাগৰী নিশা৷ প্ৰতিবাদ
আৰু তেল অৱৰোধবোৰৰ কথা লিখা,
জমিদাৰক মাৰিবলৈ হামদৈৰ পথলৈ
বুলি ওলাই অহা কৃষকবোৰৰ কথা লিখা৷ চিয়াঁহী
খৰচ কৰা৷

নিজৰ কাৰণে নহ'লেও
তোমাৰ এই প্ৰথম সন্তানৰ কাৰণে লিখা,
মোমায়েকহঁতৰ দৰে যাৰ নাকটো জোঙা নহ'ব বুলি
তুমি ভয় খাইছিলা৷ কাৰণ
তুমি নিম্নবৰ্গৰ লগত বিয়াত বহিছিলা৷
প্ৰেমৰ কাৰণে লিখা,
প্ৰতিবাদী সমদল

আৰু লিখা
কবিতাৰ কাৰণে ৷

Kaushik Baiswas studied medicine at Assam Medical College. Born in Nalbari in 1992, he is the author of a poetry collection in Assamese called Babori Bilash (বাবৰি বিলাস)৷

Are Book Sales in Assam Dwinling?

অসমীয়া মানুহে বাৰু কিতাপ কম কিনে নেকি আজিকালি? এই কথা লৈ আজি কেইদিনমানৰ পৰা বেছ কিছু আলোচনা হৈ আছে ৷ কাগজে পত্ৰই অনেক কথা বতৰা প্ৰকাশ পাইছে ৷

এই বিষয়ে মোৰ প্ৰকাশকদ্বয় অমৃত কুমাৰ উপাধ্যায় আৰু ধীৰাজ কুমাৰ লহকৰ দুয়ো কিছু আলোকপাত কৰিছে ৷ আগ্ৰহী পঢ়ুৱৈ আৰু মোৰ নিজৰ বাবেও সংগ্ৰহ কৰি আগবঢ়ালো ৷ দৈনিক জনমভূমিত ৯ নবেম্বৰ, ২০১৯ তাৰিখে প্ৰকাশ পাইছিল ৷

1.jpg