Noikhon Etia Duroit.jpg
 

আৰুণি কাশ্যপৰ জন্ম ১৯৮৪-ত, শিলচৰত ৷ পেচাত শিক্ষক, লেখক আৰু অনুবাদক। বৰ্ত্তমান আমেৰিকাৰ ইউনিভাৰচিটি অৱ জিঅ’ৰ্জিয়াৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যপক ৷ শিক্ষা দিল্লীৰ চেন্ট্ স্টিফেন্চ কলেজ, বৃটেইনৰ এডিনবৰা বিস্ববিদ্যালয় আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মিনেচটা ৰাজ্যিক বিশ্ববিদ্যালয়ত ৷ অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে সমানে সাহিত্যচৰ্চা কৰা অতি কম লেখকৰ মাজৰ এজন ৷ সমালোচকৰ দ্বাৰা বহুলভাৱে প্ৰশংসিত দ্য হাউচ ৱিথ এ থাউজেন্ড স্টৰিজ শীৰ্ষক উপন্যাসখনৰ জৰিয়তে সাহিত্যজগতত আত্মপ্ৰকাশ ৷ সাতসৰী, সাদিন, আমাৰ অসম আদি অসমীয়া ভাষাৰ আলোচনী, সাপ্তাহিকী আৰু কাকতত লিখা-মেলা কৰাৰ উপৰিও আন্তৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় কাকত-আলোচনী যেনে দ্য নিউ য়ৰ্ক টাইমচ, দ্য গাৰ্ডিয়ান, দ্য হিন্দু, কেনিয়ন ৰিভিউ, ইত্যাদিত নানান বিষয়ৰ প্ৰবন্ধ-গল্প প্ৰকাশ পাইছে ৷ ২০০৯ চনত চাৰ্লচ ৱালাচ ইন্ডিয়া ট্ৰাস্ট পুৰস্কাৰ ৷ ২০১৮ চনত আমেৰিকাৰ মাৰ্ক হক প্ৰেচ প’য়েট্ৰী প্ৰাইজ আৰু ফ’ৰ ৱে বুকস লেভিচ প্ৰাইজ ফৰ প’য়েট্ৰী পুৰস্কাৰৰ বাবে স্বৰ্টলিস্ট ৷ প্ৰকাশিত আৰু প্ৰকাশিবত্য গ্ৰন্থ : হিচ ফাডাৰ্ৰচ দিজিজ (গল্প সংকলন, কন্টেক্সত বুকস ২০১৯ দিল্লী) আৰু দেয়াৰ ইজ ন’ গুড টাইম ফৰ বেড নিউজ (কবিতা সংকলন; ফিউচাৰ চাইকেল প্ৰেচ, যুক্তৰাষ্ট্ৰ ২০২১) ৷ নিবাস : এঠেণ্স, জিঅ’ৰ্জিয়া, মাৰ্কিন যুক্তৰাষ্ট্ৰ; আৰু তেতেলীগুৰী গাঁৱ, কামৰূপ জিলা, অসম ৷

কোনো এখন ঠাই বাহিৰৰ মানুহে যেনেদৰে কল্পনা কৰে সেইয়া এখন উপন্যাসে চিৰদিনৰ বাবে সলাই পেলাব পাৰে ৷ আৰুণি কাশ্যপৰ প্ৰথম উপন্যাসে নিশ্চয়কৈ অসমৰ ধাৰণা (বিস্বৰ) জনমানসত পৰিবৰ্ত্তিত পেলাব৷
— সুমনা ৰয়, ইণ্ডিয়া টুডে

২০১২ চন ৷ অসমৰ সাধাৰণ মধ্যবিত্ত পৰিয়াল এটাত ডাঙৰ হোৱা ৰাজীৱ ইংৰাজী সাহিত্য পঢ়িবলৈ আমেৰিকালৈ আহিছে ৷ তাতেই এখন আলোচনা চক্ৰত গৱেষণা পত্ৰ এখন পাঠ কৰিবলৈ যাঁওতে লগ পায় আডায়’মীক ৷ দুয়োৰে লগে লগেই গঢ় লয় প্ৰেমৰ সম্পৰ্কৰ ৷ কিন্তু আডায়’মীৰ সৈতে সময় কটাই ৰাজীৱে চাবলৈ শিকে এখন অন্য আমেৰিকা : এই আমেৰিকাখন দৃস্টিনন্দন নহয়, এই আমেৰিকাখনত আছে বৰ্ণবৈষম্য, এই আমেৰিকাখনৰ সকলো দিশতে চলে শ্বেতাংগৰ ৰাজত্ব ৷ বাৰাক অ’বামাৰ দৰে আফ্ৰিকান-আমেৰিকান ৰাস্ট্ৰপতি এজন থকা স্বত্তেও সেইখন আমেৰিকাত দিনৌ বৈষম্যৰ বলি হয় অশ্বেতাংগ লোক ৷ আডায়’মীয়ে এনেবোৰ কথাৰ বিষয়েই লিখামেলা কৰে ৷ কিন্তু বৰ্ণবৈষম্যৰ সৈতে যুজিঁ-যুজিঁ আডায়’মী হৈ পৰিছে তিক্ত-বিৰক্ত আৰু সেই তিক্ততায় প্ৰভাৱ পেলায় ৰাজীৱ-আডায়’মীৰ প্ৰেমৰ সম্পৰ্কতো ৷ ৰাজীৱ আৰু আডায়’মীৰ প্ৰেম সফল হ’বনে?ইমান দুৰ্বাৰ প্ৰেম থকা সত্বেৱো কিয় দুয়ো বাৰে বাৰে দুফালে গুছি যায়?

নৈখন এতিয়া দূৰৈত মাথোঁ আডায়’মী আৰু ৰাজীৱৰেই প্ৰেমকাহিনী নহয় ৷ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এই নতুন ৰূপ দেখি ৰাজীৱে ভাবিছে বাৰে বাৰে অসমৰ কথা : অসমীয়া মধ্যবিত্তীয় ধ্যান-ধাৰনা, নৈতিক-অনৈতিকৰ মেৰু, প্ৰেম, বিবাহ, আদি সকলোৰে প্ৰতি ৰাজীৱে প্ৰশ্ন তুলি ভাবিছে এখন বৃহত্তৰ অসমীয়া সমাজৰ কথা, ভাবিছে কেনে হ’ব সেই সমাজ, কোন থাকিব সেই সমাজখনত আৰু কোনোবা দিনা সম্ভৱ হ’বনে তেনে এখন শান্তিপ্ৰিয় সমাজ ?ৰাজীৱৰ চিন্তা প্ৰগতিশীল, আধুনিক, শান্তিকামী ৷ সেই চিন্তনে হয়তো জোঁকাৰি যাব অসমীয়া মানুহৰ শুচিবায়ুগ্ৰস্থ চিন্তাধাৰা, কিন্তু ৰাজীৱৰ প্ৰশ্নবোৰ সাম্প্ৰতিক অসমীয়া সমাজে কেইবাবাৰো ভাবি চাবলৈ বাধ্য হ’ব ৷ আমেৰিকাৰ পটভূমিত লিখা এখন সামাজিক উপন্যাস যদিও নৈখন এতিয়া দূৰৈত এখন হাড়ে হিমজুৱে অসমীয়া উপন্যাস ৷

IMG_6841.jpg